বিশিষ্ট পণ্ডিত, গৱেষক ভৱপ্ৰসাদ চলিহালৈ চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটাঃ

অসমীয়া ব্লগ

২০২১ৰ জানুৱাৰী ৩ তাৰিখে গুৱাহাটীত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিয়লি ৫.৩০ বজাত আয়োজিত এক অনুষ্ঠানত ২০২০ বৰ্ষৰ “শ্ৰীমন্ত শংকৰদেৱ বঁটা” প্ৰদান কৰা হয় বিশিষ্ট পণ্ডিত, গৱেষক ভৱপ্ৰসাদ চলিহালৈ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পুণ্য স্মৃতিত অসম চৰকাৰে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এইবাৰৰ বঁটা চলিহা ডাঙৰীয়ালৈ প্ৰদান কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

উক্ত অনুষ্ঠানটিত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ বিত্ত,স্বাস্থ্য আদি বিভাগৰ মাননীয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিক পৰিক্ৰমা, গ্ৰামোন্নয়ন আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত নৱকুমাৰ দলে।

Authors

Leave a Reply

Your email address will not be published. Required fields are marked *