প্ৰসিদ্ধ সাহিত্যতিক বাণীকান্ত কাকতিঃ-

অসমীয়া ব্লগ

অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ এজন একনিষ্ঠ সেৱক আছিল ড° বাণীকান্ত কাকতি। ১৮৯৪ চনৰ ১৫ নৱেম্বৰত বৰপেটা জিলাত তেখেতৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল ললিতৰাম কাকতি আৰু মাতৃ লহোবালা।

বাণীকান্ত কাকতিয়ে বাটিকুৰিহা নিম্ন প্ৰাইমেৰী বিদ্যালয়ত শিক্ষা আৰম্ভ কৰিছিল।প্ৰাইমাৰী বিদ্যালয়ৰ পৰা শেষ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ইংৰাজী ১৯০৫ চনত বাণীকান্তই বৰপেটা হাইস্কুলত নাম লগায়। ১৯১১ চনত বাণীকান্ত কাকতিয়ে বৰপেটা হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষা দি সমগ্ৰ অসম উপত্যকাৰ ভিতৰত প্ৰথম হৈ উত্তীৰ্ণ হৈ কটন কলেজত আই.এ. মহলাত নাম ভৰ্তি কৰিছিল।১৯১৩ চনত বাণীকান্ত কাকতিয় উচ্চ শিক্ষাৰ বাবে কলিকতাৰ বিখ্যাত প্ৰেচিডেন্সি কলেজৰ বি.এ.মহলাত নামভৰ্তি কৰি ১৯১৫ চনত বি.এ. পৰীক্ষাত বহি ইংৰাজীত সন্মানসহ দ্বিতীয় শ্ৰেণীৰ চতুৰ্থ স্থান লাভ কৰি স্নাতক হয়। বি.এ. পাছ কৰাৰ পাছত ইংৰাজী ১৯১৫ চনত বাণীকান্তই কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাত ইংৰাজী বিভাগত নাম লগায়। অসুস্থতাৰ কাৰণে তেওঁ ইংৰাজী ১৯১৭ চনত এম.এ. পৰীক্ষাত তেওঁ বহিব নোৱাৰিলে যদিও ১৯১৮ চনত তেওঁ এম.এ.পৰীক্ষাত বহে আৰু ইংৰাজী সাহিত্যৰ ‘এ’ গ্ৰুপত দ্বিতীয় শ্ৰেণীত উত্তীৰ্ণ হয়। ইয়াৰ পাঁচ বছৰ পিছত ইংৰাজী ১৯২৩ চনত তেওঁ ইংৰাজী সাহিত্যৰ ‘বি’ গ্ৰুপৰ পৰীক্ষাত পুনৰ বহে আৰু প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি উত্তীৰ্ণ হয়।

১৯১৬ চনত বাণীকান্ত কাকতিয়ে বৰপেটাৰ চিৰস্তাদাৰ উমাকান্ত দাসৰ জীয়েক কনকলতা দাসক তেখেতে বিয়া কৰায় তিনিজন পুত্ৰ আৰু তিনিজনী জীয়েকৰ পিতৃ হয়।

১৯১৮ চনৰ ১৬ নবেম্বৰত তেখেতে ইংৰাজীৰ অধ্যাপক হিচাপে কটন কলেজত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলি ১৯৪৭ চনত কলেজৰ অধ্যক্ষ পদলৈ পদোন্নতি লাভ কৰে। ১৯৪৯ চনৰ জানুৱাৰী মাহলৈকে বাণীকান্ত কাকতিয়ে কটন কলেজৰ অধ্যক্ষ হিচাপে সেৱা আগবঢ়াই চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। সেই বছৰতে তেখেতে নতুনকৈ স্থাপিত হোৱা অসমৰ প্ৰথম বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপক হিচাপে পুনৰ কামত যোগদান কৰে।

বাণীকান্ত কাকতিয়ে তেখেতৰ গৱেষণামূলক গ্ৰন্থ “অসমীয়া ভাষা:ইয়াৰ গঠন আৰু ক্ৰমবিকাশ”ৰ বাবে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি.ডিগ্ৰী লাভ কৰে।

বাণীকান্ত কাকতিৰ প্ৰকাশিত পুথিঃ

ইংৰাজী গ্ৰন্থঃ
১/Assamese: Its formation and Development
২/Mother Goddess Kamakhya
৩/Life and Teachings of Sankardeva
৪/Vaishnavite Myths and legends

অসমীয়া গ্ৰন্থঃ
১/পুৰণি অসমীয়া সাহিত্য
২/সাহিত্য আৰু প্ৰেম
৩/কলিতা জাতিৰ ইতিবৃত্ত
৪/পুৰণি কামৰূপত ধৰ্মৰ ধাৰা
৫/পখিলা

Authors

Leave a Reply

Your email address will not be published. Required fields are marked *