অসমৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক ডিম্বেশ্বৰ নেওগৰ আজি ১২১ সংখ্যক ওপজা দিনঃ

Daily News

অসমৰ এগৰাকী প্ৰসিদ্ধ কবি, প্ৰবন্ধকাৰ, ঔপন্যাসিক, ভাষা সাহিত্যৰ গৱেষক, নাট্যকাৰ, সমালোচক তথা শিক্ষক ডিম্বেশ্বৰ নেওগৰ আজি ১২১ সংখ্যক জন্ম তিথিত তেখেতলৈ যাচিলো গভীৰ ভক্তি ও শ্ৰদ্ধা।

প্ৰসিদ্ধ সাহিত্যিক গৰাকীৰ বিষয়ে চমুকৈ….

ডিম্বেশ্বৰ নেওগৰ জন্ম হৈছিল ১৮৯৯ চনৰ আগষ্ট মাহৰ ৭ তাৰিখে শিৱসাগৰ জিলাৰ কমাৰফদীয়া গাঁৱত।তেখেতৰ পিতৃৰ নাম আছিল মাণিক চন্দ্ৰ নেওগ আৰু মাতৃৰ নাম চন্দ্ৰপ্ৰভা নেওগ।

সৰুকালৰেপৰাই পঢ়া শুনাত আগৰণুৱা নেওগক আছিল এজন মেধাৱী ছাত্ৰ।১৯২৪ চনত তেখেতে সুখ্যাতিৰে বি.এছ.চি পৰীক্ষাত উত্তীৰ্ণ হৈ দুবছৰৰ পাছতে তেখেতে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৩৬ চনত তেখেতে বি.টি. পাছ কৰি কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত এম. এ. পাছ কৰে।

নেওগৰ কৰ্মজীৱন আৰম্ভ হয় ১৯২৫ চনৰ ১৯ এপ্ৰিলত শিৱসাগৰ চৰকাৰী বিদ্যালয়ত শিক্ষক হিচাপে। পৰৱৰ্তী সময়ত তেখেতে চৰকাৰী শিক্ষক হিচাবে অসমৰ বিভিন্ন ঠাইত কাম কৰে। চাকৰিৰ মাজতেই তেখেতে অৱশেষত নৰ্মাল স্কুলত শিক্ষকতা কৰি পৰৱৰ্তী সময়ত অধ্যক্ষৰূপে অৱসৰ গ্ৰহণ কৰে।

ডিম্বেশ্বৰ নেওগ সেইসময়ত ডিব্ৰুগৰ জিলা ন্যায়াধীশ, তথা অসমৰ এজন প্ৰসিদ্ধ লেখক বেণুধৰ ৰাজখোৱাৰ জীয়েক আজলীতৰা ৰাজখোৱাৰ লগত বিবাহপাশত আবদ্ধ হয়।

ছাত্ৰাৱস্থাৰ পৰাই তেখেতে নিয়মিত কাব্য চৰ্চা আৰম্ভ কৰে। তেখেতে অসম সাহিত্য সভাৰসভাপতি,প্ৰধান সম্পাদক আৰু অসম সাহিত্য সভা পত্ৰিকাৰ সম্পাদক হিচাপেও নিজৰ অৱদান আগবঢ়াই থৈ গৈছিল। সমালোচক হিচাপে গঠনমূলক, বলিষ্ঠ, স্পষ্ট মন্তব্য আৰু পুংখানুপুংখ বিশ্লেষণৰে তেওঁ অসমীয়া সাহিত্যকনতুন মাত্ৰা প্ৰদান কৰিছিল।

তেখেতৰ ৰচনাৰাজি সমূহ,

১/আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী (১৯৩৭)

২/অসমীয়া সাহিত্যৰ জিলিঙনি (১৯৩৮)

৩/অসমীয়া সাহিত্যৰ জেউতি (১৯৩৮)

৪/বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি (১৯৪১)

৫/বৈষ্ণৱ ধৰ্মৰ ভক্তিতত্ত্ব (১৯৪২)

৬/ইণ্ট্ৰডাকচন টু আসাম (১৯৪৭)

৭/অসমীয়া কথা প্ৰতিভা (১৯৫০)

৮/অসমীয়া ভাষা আৰু লিপিৰ কাহিনী (১৯৫১)

৯/হিষ্টৰী অব্ অছমীয়া লিটাৰেচাৰ (১৯৫৫)

কবিতাৰ জগতখনৰ তেখেতৰ উল্লেখযোগ্য কবিতা পুথি হৈছে ‘মালিকা’, ‘থুপিতৰা’, ‘মালতী’, ‘ইন্দ্ৰধনু’, ‘মুকুতা’, ‘মেঘদূত’, ‘অসমা’, ‘বিচিত্ৰা’,’শাপমুক্তা’, ’মোৰ গাঁও’, ’শেষ গায়ক’ ইত্যাদি।

Authors

Leave a Reply

Your email address will not be published. Required fields are marked *